ভাল কলীয়া কানু খেলান খেলায় (মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত)

ৰাগ ।। আশােৱালী

ধ্ৰুং: -

ভাল কলীয়া কানু খেলান খেলায়।

খেলাৰ মাধুৰী হৰি ভুৱন ভুলায়।।

পদ:-

লয়লাসে ৰংগা দুই চৰণ চলায়।

ৰুণু-ঝুণু কৰিয়া নূপুৰ বাজে পায়।।

আভীৰ বালকে বেঢ়ি চাপৰি বজায়।

পাক ফিৰি ফিৰিয়া নাচয় যদুৰায়।।

চন্দনে লেপিত অংগ দোলায়ে গােপাল।

উৰে ঝলমল কেলিকদম্বকু মাল।।

গজমুকুতাৰ হাৰ গাষ্ঠি গলে লুলে।

পিন্ধন নেতৰ ধড়া কটি বেঢ়ি দুলে।।

মােহন কনক বেণু উৰি ধৰে হাতে।

ময়ুৰেৰ চূড়া ঝলমল কৰে মাথে।।

নেতৰ অঞ্চলখানি হালয় বাতাসে।

সুহৃদয় গােপৰ মুখ চায়া চায়া হাসে।।

মাণিক জিনিয়া জলে দন্ত দুই পান্তি।

দিশ-পাশ শােহে শ্যাম শৰীৰৰ কান্তি।।

বংকিম নয়নে চায়া অমিয়া বৰিষে

মাধৱৰ মন ৰহ এ ৰূপ হৰিষে।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত