আলাে সই দেখাে সই বিহাৰে চলি আছে কানু (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ। মল্লাৰ

ধ্ৰুং-আলাে সই, দেখাে সোই বিহাৰে চলিয়া আছে কানু।

শ্যামতনু শােহে জিনি কোটি কোটি ভানু।

পদ- আভীৰ বালক পাছে আগে চলে ধেনু।

সুচান্দ বয়নে বায় সুমধুৰ বেণু।।

অৰুণ অপাংগে চায় মধুৰ হাসিয়া।

বাঁশীৰ স্বৰে ঝৰে ধাৰে সুৰস অসিয়া।।

কোটি গজৰাজ জিনি চলে ধীৰে ধীৰে।

কতনা মাধুৰী আছে কলীয়া শৰীৰে।

চৌভিতি বালেক চলে জয় জয় ৰােলে।

কানাইৰ কৌতুক ৰংগে হৃদয় হিন্দোলে।।

শ্যাম সুমধুৰ কোন বিধি নিৰমিল।

দেখি লাজে হৃদি মাজে কাম লুকি দিল।।

কহয় মাধৱ শুন গােৱালৰ জীৱ।

ওহি শ্যাম গুণনিধি জগতৰে জীৱ।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত