মােকে দেখিয়াে না কেন (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

|| ঘোষা ||: 

ৰাগ ।। ভাটিয়ালী

ধ্ৰুং - মােকে দেখিয়াে না কেন ওহে জগন্নাথ

            মই বৰ পাপেৰ পাপী।

সংসাৰ কুপত পৰিয়া তােমাৰ

          চৰণে নধৰোঁ চাপি।।

|| পদ ||: 

পদ- কত তপসাই নৰতনু পাই

        গােৱাইলাে বিষয় ভােলে।

যেন চিন্তামণি শূল্য ৰতন।

          বিকাইলাে কাচেৰ মােলে।।

দেৱে নাহি পায় মানৱী হইবাৰ

       মই পাপী আসিয়া পাইলাে।

তােমাৰ ভকতি অমিয়া তেজিয়া

       বিষয় গৰল খাইলাে।।

লােভ মােহ কাম ক্রোধ মদ মান

          ইসব বৈৰীৰ সংগে।

আপুন ইচ্ছাই পাপ আচৰিয়া

         বেৰাইলাে মনত ৰঙ্গে।।

পৰতিৰী পৰধনৰ আশাই

      সদাই আকুল ভৈলাে।

তুমি মহাধন তােমাক নাসেৱি

    জনম বিফল কৈলাে।।

দেহা আলে-জালে গৈল পাইলা কালে

      প্রাণ কোনদিনা পৰে।

যমৰ যাতনা শুনিয়া হৃদয়

      কম্পিত হৈলাে বৰে।।

তােমাৰ অভয় চৰণে শৰণ।

       বিনে নাহি আন গতি।

তুমি দয়াময় জানিয়া কহয়

        মাধৱ মূৰুখমতি৷৷

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত