You are here

কানাই কিনা ৰূপসিয়া (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ - বৰাড়ী

ধ্রুং- কানাই কিনা ৰূপসিয়া ।

গােপীৰ হৰিল প্রাণ মুচুকি হাসিয়া ।।

পদ- কানাইৰ দেখিয়া ৰূপ হৰিল সুৰুতি ।

অপমানে মনমথে নধৰে মূৰুতি ।।

কানাইৰ দেখিয়া মুখ মনত বিকলে ।

পূর্ণশশী থিৰ নােহে গগণ মণ্ডলে ।।

কানাইৰ দেখিয়া দুই নয়ন উজ্জ্বল ।

জাম্প দিয়া জল মাজে ৰহিল কমল ।।

কানাইৰ দেখিয়া ৰূপ আতি বৰ লাজে ।

মদন লুকায়া ৰৈল হৃদয়ৰ মাজে ।।

কানাইৰ ৰূপ উপমাৰ কেবা জন ক্ষেম ।

এক পুঞ্জ হুয়া আছে গােপিনীৰ প্রেম ।।

সকল জগতে বােলে কানাই কলীয়া ।

কালা মোহে শ্যাম ৰূপ ধৰিছে অমিয়া ।।

অনেক যতনে বিধি চলাইল মনে গুণি ।

আপুন ৰূপেৰ কানু উপমা আপুনি ।।

কানাইৰ দেখিয়া ৰূপ মােহে ত্রিভুৱন ।

কহয় মাধৱ গতি নন্দেৰ নন্দন ।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত