ৰাগ - বৰাড়ী
ধ্রুং- কানাই কিনা ৰূপসিয়া ।
গােপীৰ হৰিল প্রাণ মুচুকি হাসিয়া ।।
পদ- কানাইৰ দেখিয়া ৰূপ হৰিল সুৰুতি ।
অপমানে মনমথে নধৰে মূৰুতি ।।
কানাইৰ দেখিয়া মুখ মনত বিকলে ।
পূর্ণশশী থিৰ নােহে গগণ মণ্ডলে ।।
কানাইৰ দেখিয়া দুই নয়ন উজ্জ্বল ।
জাম্প দিয়া জল মাজে ৰহিল কমল ।।
কানাইৰ দেখিয়া ৰূপ আতি বৰ লাজে ।
মদন লুকায়া ৰৈল হৃদয়ৰ মাজে ।।
কানাইৰ ৰূপ উপমাৰ কেবা জন ক্ষেম ।
এক পুঞ্জ হুয়া আছে গােপিনীৰ প্রেম ।।
সকল জগতে বােলে কানাই কলীয়া ।
কালা মোহে শ্যাম ৰূপ ধৰিছে অমিয়া ।।
অনেক যতনে বিধি চলাইল মনে গুণি ।
আপুন ৰূপেৰ কানু উপমা আপুনি ।।
কানাইৰ দেখিয়া ৰূপ মােহে ত্রিভুৱন ।
কহয় মাধৱ গতি নন্দেৰ নন্দন ।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1863 reads