হৰিৰ বংশীৰ ভাই শুনিয়াে কাৰণ (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

|| ঘোষা ||: 

ৰাগ ৷ বৰাড়ী

ধ্রুং - হৰিৰ বাংশীৰ ভাই শুনিয়াে কাৰণ।

যিহেতু বংশীৰ স্বৰে মােহে ত্রিভুৱন।।

|| পদ ||: 

পদ- নিজ বাংশী ভৈল নিজ প্রকৃতি নিয়ম।

সাত গুটি ৰন্ধ্রে সাত প্ৰকৃতি প্ৰথম।।

হৰিৰ অধৰে ফুংকে পুৰুষ চৈতন্য।

জড় বাংশী প্রকৃতি কৰাৱে প্ৰৱর্তন।।

কোমল আংগুলিচয় ৰন্ধ্র মধ্যে চালি।

বহু ৰসে বাংশীটি বজান্ত বনমালী।।

যিটে নিজ মায়া মােহি আছে চৰাচৰে।

হৰিৰ বংশীয়ে ত্রিভুৱন মােহ কৰে।।

এহি হেতু বাংশী নিজমায়া ভগৱন্ত।।

ত্রিভুৱন মােহি নিৰৱধি বজাৱন্ত।।

মােহন বংশীৰ নিজ কৈলাে প্রয়ােজন।।

কহয় মাধৱ মােৰ গতি নাৰায়ণ।।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত