|| ঘোষা ||:
ৰাগ ।। আশােৱাৰী
ধ্ৰুং - মােহন বাৱত মূৰাৰী ৰে কানু।
শুন ব্ৰজৰমণীক নৰহে পৰাণু।।
পদ- মধুৰ বংশীৰ স্বৰে অমিয়া ঝুৰয়।
পাষাণ দ্ৰৱয় মৃত তৰু মঞ্জৰয়।।
সচেতন সব থিক অচেতন হােই।
তৰংগিণীসব ৰহু অচলিত তােয়।।
সচৰ অচৰ হয় অচৰে চৰগতি।
ঐছন মােহন বেণু পূৰে যদুপতি।।
ত্রিভুৱন বিমােহন গােৱিন্দকু বেণু।
কহয় মাধৱ গতি কানুপদ-ৰেণু।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1770 reads