মই পাপী কমনে তৰিবাে (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

|| ঘোষা ||: 

ৰাগ ।। ভাটিয়ালী

ধ্রুং - মই পাপী কমনে তৰিবাে হৰি ৰে

          তুমি কৰুণা না কৰ মােৰে।

পাপমতি মন বাসনা ন ছাড়ে

        মজিলাে সংসাৰ ঘােৰে৷৷

|| পদ ||: 

পদ- নয়ন কামিনী ৰূপ নছাড়য়

                 ৰসনা এ ষড়ৰস।

গীত মধুৰ ধ্বনি শ্ৰৱণ নছাড়য়

                 চৰমে সুখ পৰশ।।

সুগন্ধ শীতল নাসায়ে নছাড়ে

                কনক-কামিনী মনে।

লােভ মােহ কাম ক্রোধ মদ মান

                নছাড়ে এ সর্বক্ষণে।।

ঈৰিষা অসূয়া হিংসা পৈশূন্য

               না গুচে এ তিলে তিলে।

তনুক বেঢ়িয়া তিলে তিলে ধৰি

                কাল অজগৰে গিলে।।

ভৈলাে অচেতন তােমাৰ চৰণ

               বিনে নাহি আন গতি।

শীতল চৰণে পশিলোঁ শৰণে

               মাধৱ মুৰুখমতি৷৷

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত