|| ঘোষা ||:
ৰাগ ।। আশােৱাৰী
ধ্রুং - ৰে মন সেৱহু হৰিকহু চৰণা
নিকট দেখহু নিজ মৰণা।।
দেখত হৰিকহু চৰণ শৰণ বিনে
নাহি নাহি ভৱভয় তৰণা।।
|| পদ ||:
পদ- চাৰি বেদ পুৰাণ যত ভাৰত
গীতা ভাগৱত চাই।
ওহি সাৰ বিচাৰ কয় ভাষত ।
হৰি বিনে তাৰক নাই।।
সনক সনাতন মুনি শুক নাৰদ
চতুৰবয়ন শূলপাণি।
সহস্রবয়ন আদি গাৱত হৰিগুণ
সকল নিগম তত্ত্ব জানি।।
কৃষ্ণ নাম যশ পৰম অমিয়া ৰস।
গাৱত মুকুত নিশেষ।
পৰম মুৰুখমতি কহয় মাধৱ দীন
শংকৰ গুৰু উপদেশ।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2167 reads