ৰাগঃ। ধনী
ধ্ৰুং- ওঝা সােঝা পন্থ না হেৰি কোটি কৰম কাই
হৰিকো নাহি পাই, পড়ল ভৱ বেৰি বেৰি।।
পদ- জপ তপ তীৰথ কৰসি গয়া কাশী
বাসী বয়স গােৱাই।
জানি যােগ যুগুতি মতি মােহিত
বিনে ভকতি গতি নাই।।
ৰামনাম মহ নিখিল পুণ্য ৰহ
ওহি নিগম তত্ব বাণী।
কলিকো পৰম ধৰম হৰি নাম পঢ়ি
পুনু মৰম ন জানি।।
কৃষ্ণকিংকৰ কহ ক্ষণিক দেহা ৰহ
নৰতনু পুনুহো নপাই।
কৰম-গৰৱ সব দূৰ কৰি হৰি -
চৰণ চিন্ত চিত্ত লাই।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2795 reads