কোটোৰা খেলায় হৰি এ (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ - বৰাড়ি 

ধ্ৰুং- কোটোৰা খেলায় হৰি এ, ওহি বালেকৰ কেলি।

পৰম আনন্দে খেলে গােপশিশু মেলি।।

পদ- গােটা যুমুৰিকা খাই আৰু মোৱা লাৰু।

খেলাইতে ঝলমল কৰে সােণাৰ তাৰ খাৰু৷৷

গগনে দেৱতাগণে পৰম হৰিষে।

হৰিগুণ গায়া ৰংগে কুসুম বৰিষে।।

বৃন্দাবনে কৰে কেলি বৈকুণ্ঠেৰ পতি।

কহয় মাধৱ হৰিপদৰেণু গতি।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত