|| ঘোষা ||:
ৰাগ ।। শ্রীগান্ধাৰ
ধ্রুং -ৰূপে ভুলে গােৱালী সুন্দৰ বনমালী
মােহন বনমালী।
কহ কৈছন স্বামী হে হৰি
হৰি মিলব হামাৰি।।
|| পদ ||:
পদ- এ শ্যাম সুন্দৰ তনু হৰি, এ পীত বসনা।
এ ৰূপে ভুলল মন হে হৰি, হৰি কোটি মদনা।।
এ জগ ভুলাৱল হাসি হৰি, হৰি বয়স নৱীনা।
কৈছন ধৰবাে চিত্ত হে হৰি, হৰি নন্দসূত বিনা।।
কমলনয়ন স্বামী হে হৰি, হৰি সুচান্দ বয়না।
কহয় মাধৱ গতি হে হৰি, হৰি নন্দকু নন্দনা।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1351 reads