শুনলাে পণ্ডিত হৰিপদ সেৱা (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

|| ঘোষা ||: 

ৰাগ ।।শ্যামগােড়া

ধ্রুং - শুনলাে পণ্ডিত।

হৰিপদ সেৱাৰসে স্থিৰ কৰা চিত্ত।।

|| পদ ||: 

পদ- অনন্ত নিগম বন গহন অপাৰ।

ভৈল ক্ষীণ বুদ্ধি অর্থ কৰিতে বিচাৰ।।

তাৰে দেখি মনে দুখ লাগয় হামাৰ।।

কৰিয়াে সাদৰে ইটো উপদেশ সাৰ।।

তিনি গুণময় বেদ বন পৰিহৰা।

গােৱালীৰ ঘৰে গৈয়াে ব্রহ্ম চিনি ধৰা।।

উড়খলে যাৰে বান্ধি থৈয়া আছে ঢানি।

সেহি বেদ শিৰােৰত্ন অর্থ ভজা জানি।।

যদি হৰি অনন্ত ব্রহ্মাণ্ড অধিকাৰী।

তথাপি ভক্তৰ বশ্য হােৱন্ত মুৰাৰি।।

তাতেসে বন্ধন হৰি লৈলা যশােদাৰ।

নিৰন্তৰে নিগমৰ এ তত্ত্ব বিচাৰ।।

যাৰ মায়া পাশে বন্দী ব্রহ্মা আদি কৰি।

গােৱালীৰ হাতে বন্দী ভৈলা হেন হৰি।।

ভকতি সমান বলী নাহি নাহি আৰ।

কহয় মাধৱ গতি নন্দেৰ কুমাৰ।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত