গােপাল পলায়া আছা ক্ষীৰ লৱণু খায়া (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ - ভাটিয়ালী 

ধ্ৰুং- গােপাল পলায়া আছা ক্ষীৰ লৱণু খায়া।

পাছে পাছে যশােৱা মাৰিতে ফুৰে ধায়া।

পদ- আৱৰ নযায়ো পুতা লাগল পাইলো তােৰে৷

কত বৰিষেৰ মথনি মাথি ভাঙ্গি আছ মােৰে।।

খায়া দয়া সিঞ্চিয়া লৱনু কৈলি নাশ।

মাৰিয়া শিখাইবাে আজি আৱৰ নেৰাস।।

চৰাচৰ গুৰু হৰি দেৱ শিৰােমণি।

তাৰে মাৰিবাৰ খেদে নন্দেৰ ঘৰিণী।।

জননীৰে ভয়ে কান্দি ৰহিলা মুৰাৰি।

খেদিয়া ধৰিলা হাতে যশােৱা গােৱাৰি।।

যাৰ নামে কম্পিয়া অন্তক দূৰ হয়।

সে প্রভু কম্পিত ভৈলা যশােৱাৰ ভয়।

ঘৰে আনি ধৰিয়া গােৱালি বৰ ৰাগে।

জগতেৰ গুৰুক বান্ধিতে লৈলা পাঘে।।

বান্ধিতে যশােৱা গালি পাৰে গােপালৰে।

কাৰে নেদিয়াছ দুখ ওহি গােকুলৰে।।

সে দুখ কৰিবো দূৰ বান্ধি থৈয়া তােৰে।

কত অপযশ পুতা মনে আছে মােৰে।।

শুনিয়া কৌতুক বৰ মিলিব সবাৰে।

বান্ধি লৈয়া আছে আজি লৱণু চোৰেৰে।।

ওহি বুলি যশােৱা গাৱৰ বলে আটে।

সকল গােৱালী হাসে জৰী যত নাটে।।

সকল নিগমে যাৰ মহিমা নজানে।

তাৰে গােপী যশােৱা তনয় বুলি মানে।।

যাৰ সুমৰণে ভৱবন্ধ দূৰ হয়।।

ভকতিৰ বলে দেখাে সেহাে বান্ধ লয়।।

সুৰাসুৰে যাৰ পদৰেণু সেৱা কৰে।

পাপী অন্ত্যজাতি যাৰ নাম লৈয়া তৰে।।

কহয় মাধৱ মাই নাবান্ধিয়াে তাৰে।

জগতেৰ গতি হেতু তনয় তােমাৰে।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত