|| ঘোষা ||:
ৰাগ ।। নাটমল্লাৰ
ধ্রুং - মধুৰ মুৰুতি মুৰাৰু
মন দেখ হৃদয়ে হামাৰু।
ৰূপ অনংগ সংগে তুলনা
তনু কোটি সূৰুয উজিয়াৰু।।
|| পদ ||:
পদ- মকৰ কুণ্ডল গণ্ড মণ্ডিত
খণ্ডিত চান্দ ৰুচি স্মিত হাসা।
কনক কিৰীটি জড়িত ৰতনা নৱ
নীৰজ নয়ন বিকাশা।।
চতুৰ উঝৰ কৰ-কংকণ কেয়ূৰ
ভুজমহ মােতিম হাৰু।
লীলা বিনােদী কম্বু কৌমুদী
চক্ৰ কেৰি কঞ্জধাৰু।।
শ্যাম শৰীৰ ৰুচিৰ পীত অম্বৰ
উৰে বনমালা লুলে।
কৌস্তুভ শােভিত কণ্ঠ কটি কাঞ্চী
কিংকিণী কনয়া ডােলে।
অৰৱিন্দ নিন্দি পাৱ নৱ পল্লৱ
ৰতন নূপুৰ পৰকাশা।
ভকত পৰম ধন তাহে মজোক মন
শংকৰ এহু অভিলাষা।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 3462 reads