|| ঘোষা ||:
ৰাগ ।। গৌড়ী
ধ্রুং - ব্রজজীৱন দয়াল দীনদয়াল এ
নন্দকুমাৰ মন মােহনু।
কোমল কেলি কলাৰস নাগৰ
মনােহৰ শ্যাম কামদোহনু।।
|| পদ ||:
পদ- নীল মৃণাল ললিত ভুজ কোমল।
কংকণ কনক ভূষণ ৰঞ্জনু।
শৰত সূজাত কোমল কোষ গঞ্জনু।
পদযুগ ভকত ভীত ভঞ্জনু।।
শাৰদ ইন্দু কোটি ৰুচিৰানন।
সুন্দৰ তিলক ৰাজীৱলােচনু।
মঞ্জুল মধুৰ মূৰুতি সুখ সাগৰ
মাধৱ কহ প্রভু ভৱমােচনু,
হৰি দুখমােচনু।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1351 reads