|| ঘোষা ||:
ৰাগ ।। মাহুৰ ।
ধ্রুং - হামাৰু ৰামচৰণে মন লাগু।
মায়াময় সয়ল দুনিয়াই জানি
ভৰম তেজি জাগু।।
|| পদ ||:
পদ- ধন জন জীৱন যৌৱন জায়া
কায়া এ সব ধান্ধা।
যৈছন বিজুৰী উজুৰি মিলাৱত
তাহে নাহি দেখাে অন্ধা।।
হৰিপদপংকজ ভৱভয়-ভঞ্জন।
তাহে চিন্ত চিত্ত লাই।
হৰিকহু চৰণ-পংকজ-ৰজ-কিংকৰ
মাধৱ দীন গুণ গাই।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1425 reads