You are here

তােমাৰ বিনােদ হৰি জানিবো কমনে (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ - তুৰ -বসন্ত

ধ্ৰুং- তােমাৰ বিনােদ হৰি জানিবো কমনে ।

বৈকুণ্ঠ তেজিয়া কেলি কৰা বৃন্দাবনে ।। 

পদ- সদাই ৰমণ যাৰ নিজানন্দ সুখে ।

সাে হৰি বিৰিন্দাবনে ফুৰা কোন দুখে ।।

ব্রহ্মা হৰে সেৱে যাৰ চৰণৰ ৰেণু ।

কোন সুখে তুমি প্রভু চাৰি ফুৰা ধেনু ।

যে তুমি অনন্ত কোটি ব্রহ্মাণ্ডৰ পতি ।

কোন লাভে লৈলা গােপশিশুৰ সংগতি ।।

সৃষ্টি স্থিতি প্রলয় কটাক্ষে মিলে যাৰ ।

ই কোন বড়াই তুমি হৰা ভূমিভাৰ ।।

তপ জপ যাগ যােগ যি গতি নপাৱে ৷

সি গতি লভিল সুখে কাম দ্বেষভাৱে ৷৷

কৃপাৰ সাগৰ প্ৰভূ তুমি হৃষীকেশ ৷

মাগয় মাধৱ তুৱা পাৱে কৃপা লেশ ৷৷

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত