তােমাৰ বিনােদ হৰি জানিবো কমনে (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ - তুৰ -বসন্ত

ধ্ৰুং- তােমাৰ বিনােদ হৰি জানিবো কমনে।

বৈকুণ্ঠ তেজিয়া কেলি কৰা বৃন্দাবনে।। 

পদ- সদাই ৰমণ যাৰ নিজানন্দ সুখে।

সাে হৰি বিৰিন্দাবনে ফুৰা কোন দুখে।।

ব্রহ্মা হৰে সেৱে যাৰ চৰণৰ ৰেণু।

কোন সুখে তুমি প্রভু চাৰি ফুৰা ধেনু।

যে তুমি অনন্ত কোটি ব্রহ্মাণ্ডৰ পতি।

কোন লাভে লৈলা গােপশিশুৰ সংগতি।।

সৃষ্টি স্থিতি প্রলয় কটাক্ষে মিলে যাৰ।

ই কোন বড়াই তুমি হৰা ভূমিভাৰ।।

তপ জপ যাগ যােগে যি গতি নপাৱে৷

সি গতি লভিল সুখে কাম দ্বেষভাৱে৷৷

কৃপাৰ সাগৰ প্ৰভূ তুমি হৃষীকেশ৷

মাগয় মাধৱ তুৱা পাৱে কৃপা লেশ৷৷

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত