You are here

পৰভাতে শ্যামকানু ধেনু লৈয়া সংগে (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

|| ঘোষা ||: 

ৰাগ ।। শ্যাম

ধ্ৰুং - পৰভাতে শ্যামকানু ধেনু লৈয়া সংগে।

       বংশীৰ নিস্বানে বৃন্দাবনে চলে ৰংগে।।

|| পদ ||: 

পদ-  জগতৰ  গুৰু হৰি কাছি গােপ কাছে।

আভীৰ বালকে বেঢ়ি চলে আগে পাছে।।

শিকা বান্ধি ছান্দি কান্ধে লৈয়া দধি ভাত।

মাথায়ে চান্দনী জৰী সাজে জগন্নাথ।।

বাম কাষে শিংগা বেত নেতকৰু চেলি।

বহু ৰস লাস বেশ কৰি চলে কেলি।।

অসংখ্য সহস্র শিশু ধেনু বৎসগন।

শিঙা শংখ বেণুৰৱে পূৰয় গগন।।

নানান খেলান খেলে বহু ভাৱে গাৱে।

নানান বিনােদ ৰসে ভুৱন ভুলাৱে।।

বৈকুণ্ঠেৰ পতি প্ৰভু বনে চাৰে ধেনু।

কহয় মাধৱ গতি কানু পদৰেণু।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত