|| ঘোষা ||:
ৰাগ ।। ভাটিয়ালী
ধ্রুং - হৰি এ কৰুণাময়! মাই পাপী কিনা কাম কৈলোঁ।
এ ভৱাসাগৰে মজি মৈলোঁ, অভয় চৰণ নাসেৱিলোঁ।
|| পদ ||:
পদ- শৱ সম তনু আপুন মানিলোঁ।
তুমি আতমা হৰি তােমাক নজানিলোঁ৷৷
কিনা মই ছাৰ বৰ অগিয়ান।
তােমাক তেজিয়া কৈলাে ধনৰ ধিয়ান।।
মই বৰ পাপীৰ পুনু আগে।
দ্বিজ অজামিল কেবা গুণে লাগে।।
আৱৰ পাপীৰ কেবা গণে।
অধমৰ মােৰ কি হইবে মৰণে।।
আপােনাৰে মই নাশিলোঁ আপুনে।
পতিতপাবন নাহি তুমি বিনে।।
আন কিছু মােৰ নাহিকে ভৰসা।
কহয় মাধৱ মতিনাশা।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1961 reads