|| ঘোষা ||:
ৰাগ ।। ধনশ্রী
ধ্রুং - শংখ চক্র গদা পংকজপাণি
গৰুড় আসন বমনালী গােপাল।
পীতাম্বৰধৰ শ্যামসুন্দৰ হৰি
ভকতজনৰ ভয়হাৰী দয়াল।।
|| পদ ||:
পদ- পৰমানন্দ পৰম পুৰুষােত্তম
পৰম কৰুণাৰস সিন্ধু গােপাল।
কমলাকান্ত কমলদল লােচন।
ভকতজনৰ নিজ বন্ধু দয়াল।।
জগদানন্দ জগতজনজীৱন
যদুকুল-কুমুদিনী-ইন্দু গােপাল।
মাধৱ দীন মুৰুখমতি মাগয়
ভকতি ৰতি একু বিন্দু দয়াল।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2055 reads