|| ঘোষা ||:
ৰাগ ।। ধনশ্রী
ধ্রুং - শংখ চক্র গদা পংকজপাণি
গৰুড় আসন বমনালী গােপাল।
পীতাম্বৰধৰ শ্যামসুন্দৰ হৰি
ভকতজনৰ ভয়হাৰী দয়াল।।
|| পদ ||:
পদ- পৰমানন্দ পৰম পুৰুষােত্তম
পৰম কৰুণাৰস সিন্ধু গােপাল।
কমলাকান্ত কমলদল লােচন।
ভকতজনৰ নিজ বন্ধু দয়াল।।
জগদানন্দ জগতজনজীৱন
যদুকুল কুমুদিনী ইন্দু গােপাল।
মাধৱ দীন মুৰুখমতি মাগয়
ভকতি ৰতি একু বিন্দু দয়াল।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1966 reads