ৰাগ- শ্রী
ধ্ৰুং- গােপালে কি গতি কৈলে
গােৱিন্দে কি মতি দিলে
নাথ হে বিফলে বয়স সব গেলৰে।
পদ- এভৱ গহন বন আতি মােহপাশে ছন্ন
তাতে হামু হৰিণ বেৰাই।
ফন্দিলােঁ মায়াৰ পাশে কাল ব্যাধ ধায়া আসে
কাম ক্রোধ কুত্তা খেদি খায়।।
হৰাইল চেতন হৰি নজানো কিমতে তৰি
গুণিতে দগধ ভৈল জীৱ।
লােভ-মােহ দোহােঁ বাঘ সততে নছাড়ে লাগ
ৰাখু ৰাখু সদাশিৱ।।
পলাইতে নেদেখোঁ সন্ধি দিনে দিনে দৃঢ় বন্দী
ভৈল মন্দ মনৰ যুগুতি।
তুৱা হৰি লাগোঁ গােড় মােৰ মায়া পাস ছােড়
শংকৰ কৰয় কাকূতি।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 4847 reads