|| ঘোষা ||:
ৰাগ ।। সুহাই
ধ্ৰুং - মই তেৰি দাসকু দাসা কৰু কৰুণা মুৰাৰি ৷
এ ভৱসাগৰ মহ তাৰহু তুৱা চৰণে হামাৰি ৷৷
পদ— নজানো ভকতি হামো পামৰ মতি পাপকু ধাই ৷
পতিতপাৱন তুহু মাধৱ দেহু চৰণেহি ঠাই ৷৷
ভকতবৎসল দীন-বান্ধৱ গুণ বেদ বখানি ৷
তুহু বিনে গতি মেৰি নাহি আৱৰ কহয় মাধৱ জানি ৷৷
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1342 reads