আলাে ভাই চল আইস যাই বৃন্দাৱনে (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ ।। ভাটিয়ালী 

ধ্ৰুং- আলাে ভাই চল আইস যাই বৃন্দাৱনে। 

দেখোঁ  গৈয়া আনন্দ নয়নে।।

পদ-

সকল বিৰিন্দাৱন ছানি।

জয় জয় ৰামকৃষ্ণ ধ্বনি।। 

সুৰভি তেজয় হাম্বা ৰাৱে। 

বিনােদ মিলিছে ঠাৱে ঠাৱে।। 

ৰঙ্গে বায় শিঙ্গা শঙ্খ বেণু। 

নাচে গাৱে হাসে চাৰে ধেনু।।

যি ৰস মিলিছে বৃন্দাৱনে।

এ সুখ নাহিকে ত্রিভুৱনে।। 

ৰাম কৃষ্ণ নােহন্ত মানুহষ।

আৰা দুই পৰম পুৰুষ।। 

ব্ৰজেৰ প্ৰজাৰ ভাগ্য বৰে। 

কহয় মাধৱ ওহি দৰে।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত