|| ঘোষা ||:
ৰাগ ।। কেদাৰ
ধ্রুং - পাৱে পৰি হৰি কৰােহোঁ কাতৰি
প্রাণ ৰাখবি মােৰে।
বিষয় বিষধৰ বিষে জৰজৰ
জীৱন নাৰহে থােৰে।।
|| পদ ||:
পদ- অথিৰ ধনজন জীৱন যৌৱন
অথিৰ এহু সংসাৰ।।
পুত্ৰ পৰিবাৰ সবহি অসাৰ
কৰবাে কা হেৰি সাৰ।।
কমল-দল-জল চিত্ত চঞ্চল
থিৰ নােহে তিল এক।
নাহি ভৱভয় ভোগে হৰি হৰি
পৰম পদ পৰতেক।।
কহতু শংকৰ এ দুখ সাগৰ
পাৰ কৰা হৃষীকেশ।
তুহু গতি মতি দেহু শ্রীপতি
তত্ত্ব পন্থ উপদেশ।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 7734 reads