ৰাগ - আশােৱাৰী
ধ্ৰুং- জয় জয় যাদৱ জলনিধিজাধৱ ধাতা।
শ্ৰুতমাত্রাখিলত্রাতা স্মৰণে কৰয় সিদ্ধি
দীনদয়ানিধি ভকত-মুকুতিপদদাতা।।
পদ - জগজন জীৱন অজন জনাৰ্দন
দনুজদমন দুখহাৰী।
মহাদানন্দকন্দ পৰমানন্দ
নন্দনন্দন বনচাৰী।।
বিবিধবিহাৰ-বিশাৰদ শাৰদ -
ইন্দু নিন্দি পৰকাশী।
শেষশয়ন-শিৱ কেশীবিনাশন
পীতবসন অবিনাশী।।
জগতবন্ধু বিধু মাধৱ মধুৰিপু
মধুৰ মূৰুতি মূৰনাশী।
কেশৱচৰণ সৰােৰুহ-কিংকৰ
শংকৰ এহু অভিলাষী।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
আপোনাসৱৰ বহুমুলীয়া দিহা-পৰামৰ্শৰ বাবে ধন্যবাদ জনালো.
অৰিহনা তথা যোগাযোগৰ ঠিকনা: Naamkirtan.com, c/o: পলাশৰঞ্জণ চৌধৰী, পদ্মণাৰায়ন, ২৩, এম এন ৰোড, পানবজাৰ, গুৱাহাটী - ৭৮১ ০০১
ফোন: ৯৪৩৫০-৪২২০২. ই-মেইল: mail@naamkirtan.com