|| ঘোষা ||:
ৰাগ ।। বড়াৰী
ধ্ৰুং - সােই সােই শ্যাম মনােহৰ দেখিয়াে নয়ন ভৰি।
ব্ৰজেৰ প্ৰজাৰ ভাগ্যফল গােটে আছয় মূৰুতি ধৰি।।
|| পদ ||:
পদ- শ্যাম নাম নৱ অমৃত ৰসৰ
এ ৰুপ ভৈল ভাণ্ডাৰ।
গােকুলবাসীৰ নয়ন-উৎসৱ
আনন্দ কুসুম সাৰ।।
যােহি অঙ্গে গৈয়া দৃষ্টিপাত হয়
তথাএ তম্ভিয়া ৰয়।
কতনা নয়নে পান কৰিবেক
যতেক মাধুৰী বয়।।।
দেখিতে দেখিতে নবীন নবীন
ৰুপেৰ লাৱণ বলে।
এৰূপ তেজিয়া আৱৰ দেখিয়া
নয়ন মৰে বিকলে।।
লাজে মনমথে মূৰুতি নধৰে
ৰুপেৰ দেখি মাধুৰী।
লাৱণ্য দেখিয়া সবে চুৰ ভৈল
বিধিৰ যত চাতুৰী৷৷
কত জনমেৰ ভাগ্যে মিলি আছে।
গােকুলেৰ সুমংগল।
এৰুপ-লাৱণ্য যিজনে দেখিয়া
তাৰেসে জন্ম সম্ফল।।
এৰুপ-মাধুৰী তেজিয়া আৱৰ
দেখিতে মন ন ধাৱে।।
মােৰ নিজ গতি নন্দেৰ নন্দন
মুখ মাধ, গাৱে।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত