ৰাগ || কৌ
ধ্ৰুং- উঠৰে উঠ বাপু গােপালহে,
নিশি পৰভাত ভৈল, কমল নয়ন,
বুলি ঘনে ঘন যশােৱা ডাকিতে লৈল।
পদ- মােৰ প্রাণধন সুচান্দ বয়ন
গাৱ চালি তেজ নিন্দ।
সৰ্ব্ব পুৰুষৰ শিৰৰ ভুষণ
তুমিসে বাপু গােৱিন্দ।।
মােৰ পুত্ৰ বুলি যশােৱা গােৱালী
বুকে বান্ধি কোলে লৈলা ।
বয়নে চুম্বন কৰি ঘনে ঘন
যশােৱা ডাকিবে লৈলা ।।
সিদ্ধ মুনিগনে চিন্তিয়া নাপাৱে
সােহৰি যশােৱা কোলে।
ত্রিজগতৰ পতি ভকতি মিলল
মুৰুখ মাধৱে বােলে।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 4875 reads