You are here

উঠৰে উঠ বাপু গােপালহে (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ || কৌ 

 

ধ্ৰুং- উঠৰে উঠ বাপু গােপাল হে

       নিশি পৰভাত  ভেল ৷       

      কমলনয়ন বুলি ঘনে ঘন 

     যশােৱা ডাকিতে লেল।৷

পদ- মােৰ প্রাণধন সুচান্দ বয়ন 

গাৱ চালি তেজ নিন্দ।

সবে পুৰুষৰ শিৰৰ ভুষণ

তুমিসি বাপু গােৱিন্দ।। 

মােৰ পুত্ৰ বুলি যশােৱা গােৱালী

বুকে বান্ধি কোলে লৈল ।

বয়নে চুম্বন কৰি ঘনে ঘন

আনন্দে মগন ভৈল৷৷                                            

সিদ্ধ মুনিগনে চিন্তিয়া নাপাৱে

সাে হৰি যশােৱা কোলে।

ত্রিজগত পতি ভকতি মিলল

মূৰুখ মাধৱে বােলে।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত