গােপাল পলায়া আছে মাৱ মাৰিবাৰ ডৰে (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ - ভাটিয়ালী 

ধ্ৰুং- গােপাল পলায়া আছে মাৱ মাৰিবাৰ ডৰে।

ভূষণ হৰায়া হৰি ভয়ে নাইসা ঘৰে।

পদ- কদম্ব তলে ছৱাল কানাই একা শুতিয়া আছে।

পানী গৈয়া ৰাধা দেখিয়া আইলা হৰিৰ কাছে।।

চোঞা নিবে অলংকাৰ মাৰিয়া সমূলি।

ভূষণ খসায়া ৰাধা লৈলা এহি বুলি।।

আঁৰ কৰিয়া থৈয়া ৰাধা জগাইলা হৰিৰে।

পুছে অলংকাৰ কেন নাহিকে শৰীৰে।।

ভূষণ হৰায়া আছা শুতিয়া অকলে।

যশােদা শুনিলে আজি মাৰিব বিকলে।।

নমাতিয়া আছে হৰি নপায়া উত্তৰ।

পানী লৈয়া বাহুৰিয়া ৰাধা আইলা ঘৰ।।

যশােদাৰ হাতে নিয়া অলংকাৰ দিয়া।

সকল বৃত্তান্ত ৰাধা কৈলা প্রপঞ্চিয়া।।

ইসৱ জানিয়া হৰি ঘৰে নাইসে ভয়ে।

যশােদা পুছিতে হৰি বাধয় সবাৰে ৷।

কহ্য় মাধৱ ঘৰে যাৱা নাৰায়ণ।

ৰাধাকা মাৱৰ হাতে দিয়াছে ভূষণ।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত