You are here

গােৱিন্দ চলয়ে বিৰিন্দাবনে গােপ শিশু সংগে (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ - শ্যাম

ধ্ৰুং- গােৱিন্দ চলয়ে বিৰিন্দাবনে গােপশিশু সংগে।

বজাৱা মােহন বেণু ধেনু ধায় ৰংগে।।

পদ- সকল বালক মাজে কানাই সুন্দৰ৷

ভুৱনমােহন শ্যাম ৰূপে মনােহৰ।।

গগনমণ্ডল পূৰে শিংগা বেণু ৰোলে

আভীৰ বালক বেঢ়ি 'জয় হৰি' বোলে ।।

কেহোঁ বােলে 'ৰাম' কেহোঁ বোলে 'জয় হৰি'।

উচ্চায়া পাঞ্চনী ধায় বৎস পুচ্ছ ধৰি।।

কেহোঁ গায় কেহোঁ বায় কেহোঁ নাচে হাসে।

ত্রিভুৱন জিনি বৃন্দাৱন পৰকাশে।।

বেদশিৰােমণি যাৰ চৰণে বিৰাজে।

সেহি প্রভু গােপ ৰূপে বালকেৰ মাজে।।

ভকত-বৎসল হৰি বিনে নাহি কোই।

কহ্য় মাধৱ ৰংগা পদে গতি মােই।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত