ৰাগ - সিন্ধুৰা
ধ্ৰুং- জয় জয় ৰাম ৰঘুকুল পংকজ
দিনকৰ ৰাম মুৰাৰি।
যাে পদকমল সুৰাসুৰ সেৱত
সকল ভুৱন অধিকাৰী।।
পদ- বালি ঘালি পালি সুগ্রীৱ কপি
বাৰিধি বান্ধল সেতু।
নিশাচৰ সাথে দশানন ঘাতে
জগজন মংগল হেতু।।
জানকী লক্ষ্মণ সুগ্রীৱ বিভীষণ
মাৰুতি সৱ সৈন্য সাথে।
পুষ্পকযানহি আসি আপােন পুৰী
ভয়াে নৰপতি ৰঘুনাথে।।
শিৰে শশীমণ্ডল ছত্র সুনির্মল
শ্বেত চামৰ দোহো দোলে।
মিলল মহােৎসৱ পৰম কোলাহল
সৱ লােই মংগল ৰোলে৷৷
শংখ মৃদংগ মুৰুজ ধ্বনি বাজত
দুম দুম দুন্দুভি ৰোলে।
পঞ্চ শবদে শুভ মিলন মহােৎসৱ
জয় জয় ৰাঘৱ বােলে।।
ব্রহ্মা পুৰন্দৰ হৰ মুণি কিন্নৰ
চাৰণ মিলন ৰংগে।
ৰতন সিংহাসনে বসি ৰঘুনন্দন
ৰাজতু জানকী সংগে।।
নিত্য নিৰঞ্জন জগজন কাৰণ
ৰামৰূপে অৱতাৰা।
ৰঘুপতি চৰণ কমল ভৃংগ মাধৱ
কহ গতি ৰাম হামাৰা।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 3071 reads