You are here

কানুৰায় নাচতু ৰঙ্গ সঙ্গে ব্রজ ছৱাল ৰে (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ - নট-মল্লাৰ 

ধ্ৰুং- কানুৰায় নাচতু ৰঙ্গ সঙ্গে ব্রজ ছৱাল ৰে ।

গগনে গন্ধৰ্ব গনে গাৱত তাল ৰে ৷৷

পদ- ঝনকে কিংকিণী বাজে সাজে নট বিলাসে ৰে ।

থমকে থমকে চলে অমিয়া মাধুৰী হাসে ৰে ৷৷

চৰণে মঞ্জীৰ ঝুৰে উৰে হাৰ দোলনা ৰে ৷

চন্দন লেপিত ভুজ দোলত ভ্ৰুৱ চালনা ৰে ।

ৰতন ভূষণ চাৰু শ্যামল অংগ শােহাৱে ৰে ।

কহয় মাধৱ গতি নন্দনন্দন পাৱে ৰে ।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত