|| ঘোষা ||:
ৰাগ ।। বেলােৱাৰ
ধ্রুং - মাই হেৰ গােকুল চান্দ আৱে।
সকল বালক মাজে জিনি নটবৰ সাজে
হাসি ৰসে ভুৱন ভুলাৱে।।।
পদ- শ্যাম শৰীৰ পীত পট পৰিলম্বিত
কণ্ঠে কদম্ব মালা লুলে।
ৰূপে কোটি-মদন মন মােহন
শিৰে শিখণ্ডক দুলে।।
ধেনু পদৰেণু কৰে কনক বেণু
লহু লহু পঞ্চম গায়।
কটি তট কিংকিণী পাৱে নূপুৰ ধ্বনি
হৰষে হৰষে ধেনু ধায়।।।
কানুক চান্দবয়ন ঘন ঘন হেৰত
গােপিনী দৰশন পায়া ৰে।
কহয় মাধৱ হৰি- চৰণ শিৰে ধৰি
দীনবৎসল কৰু দায়া ৰে।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1686 reads