ৰাগ - ধনীশ্ৰী
ধ্ৰুং- দেখু সখি মধুৰ মূৰুতি হৰি৷
ধৰি অধৰে পূৰে মুৰুৰী।।
পদ- তনু অভিনৱ ঘনকালা।
উৰে লুলে কদম্বকু মালা।।
পীত অম্বৰ তড়িত জ্যোতি।
জলে কম্বুগলে গজমোতি।।
মণি কৌস্তুভ কণ্ঠত লুলে।
চাৰু শিৰে শিখণ্ডক ভোলে।।
নীল অলক লােলে কপালে।
কর্ণত মকৰ কুণ্ডল ডােলে।।
ভুজ কংকণ ৰঞ্জে কেয়ূৰে৷
কটিত কনক কিংকিণী ঝুৰে।
পদপংকজ মঞ্জীৰ ৰােলে।
কৃষ্ণকিংকৰ শংকৰে বােলে।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2411 reads