আলাে ভাই গােকুলে আনন্দ জয় জয় (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ || ভাটিয়ালী

 

ধ্ৰুং- আলাে ভাই, গােকুলে আনন্দ জয় জয়। 

মিলিছে পৰম মহােদয়।। 

পদ- যিটো নিগমৰ গুপ্ত বিত্ত।

হেন হৰি গােকুলে বিদিত।।

শুনিতে কৌতুক অনুপাম।

ব্রহ্মৰ বৰণ ঘনশ্যাম।।

পৰমাত্মা যিটো লক্ষীপতি।

হুয়া আছে গােপৰ সংগতি।।

মিলিছে বৈকুণ্ঠ মহােৎসৱ।

সদায়ে আনন্দ হৰি-ৰৱ।।

গােকুলেৰ ভাগ্যৰ মহিমা।।

কেবা কহি কৰিবেক সীমা।।

কহয় মাধৱ মূঢ়মতি।

হৰি পাদপদ্মে মােৰ গতি।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত