ৰাগঃ ।। তুৰ বসন্ত
ধ্ৰুং- কহৰে উদ্ধৱ, কহ প্রাণেৰ বান্ধৱ হে
প্রাণ কৃষ্ণ কবে আৱে ।
পুছয়ে গােপী প্রেম আকুল ভাৱে
(এ) নাহি চেতন গাৱে।।
পদ- বাঁসুৰী ধ্বনি শুনি গাে-বৎস পেখি।
লাগে আগে গাৱে উদ্ধৱ সখি।।
কালিন্দী দেখি সখি ফুটয় বুক।
এথাএ খেলাইছিল সে চান্দ মুখ।
হৰিল নয়ন সুখ।।
বিৰিন্দাবন বৈৰী হামাৰ ভেলি।
পেখিতে না বিছুৰাে গােপাল কেলি।।
ধ্বজ বজ্ৰ যৱ পংকজ চাই
তথাএ কান্দো হামু লােটায়া কায়।
গুণ গােৱিন্দ গায়।।
কৃষ্ণ সূর্য বিনে ব্রজ আন্ধাৰ৷
নেদেখাে এ দুখ অৱধি পাৰ।।
আৰকি পেখবাে গােপাল প্রাণ।
কৃষ্ণকিংকৰ শংকৰে ভাণ।
হৰিক হৃদয়ে জান।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 3307 reads