|| ঘোষা ||:
ৰাগ ।। মাহুৰ ধনীশ্ৰী
ধ্রুং - ৰাম তেৰি চৰণকমলে ৰতি লাগোঁ।
মাগোঁ ভকতি গােসাঁই।
হামু অনাথ নাথ তুহুঁ গােৱিন্দ
অগতিক গতি আৱৰি কোই নাই।।
|| পদ ||:
পদ- নিৰমল ভকতি ৰাজ তুৱা নাম গুণ
তা বিনা পতিতপাৱন নাহি মােই।
হামু পতিত তুমহি একু পালক।
ইবেৰি গোসাঁই বঞ্চবি নাহি সােই।।
তুৱা নিজ দাস সংগতি ৰতি ভকতি
তৃণ দশনে মাগোঁহাে প্রভু ৰাম।
তৱ নিজ দাসকু দাসক লেৱনা
কহয় মাধৱ আৱৰি নাহি কাম।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2084 reads