ৰাগ - সিন্ধুৰা
ধ্ৰুং- গােধূলি গােধন বান্ধি নাৰায়ণ
স্নানিয়া শীতল জলে।
ক্ষীৰ দধি অন্ন কৰিয়া ভােজন
অংগ ৰঞ্জে পৰিমলে।।
পদ- কৰ্পূৰ তাম্বুল ভুঞ্জিত সুৰভি ফল
মালতী বকুল মালা।।
সুৰংগ বসনে ৰতন ভূষণে
ভূষিত হইয়া কালা।।
কেশ মনােহৰ মঞ্জীৰ ৰত্নৰ
চৰণ পংকজ শােহে।
বাইৰ হু্য়া পাৰা বহু ৰসে খেড়া
খেলাইতে ভূৱন মােহে।।
ৰুদ্রক বিলাস বিপঞ্চি ৰবাব
শাৰদ স্বৰমণ্ডলে।
মধুৰ মৃদংগ মন্দিৰা উপাংগ
বহু বাদ্য সুমংগলে।।
নানা ৰসে লাসে কেহোঁ নাচে হাসে
কেহোঁ বায় কেহোঁ গায়।
ৰাম নাৰায়ণ সংগে শিশুগণ
শােহে বিদ্যাধৰ প্ৰায়।।
নগৰে নগৰে ৰাম দামােদৰে
ফিৰে আনন্দিত মনে।
হুয়া আনন্দিত তেজি গৃহকৃত্য
চাহে গােপ-গােপীগণে।।
শ্যাম শৰীৰৰ কান্তি মনােহৰ
গােপপুৰ পৰকাশে।
অনন্ত ৰসেৰ ঠাকুৰ খেলায়
কহ্য় মাধৱ দসে।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1969 reads