|| ঘোষা ||:
ৰাগ ।। শ্যাম
ধ্ৰুং - পৰভাতে সুমৰোঁ গােৱিন্দ হৃষীকেশ।
চিদানন্দ মূৰুতি কপট গােপবেশ।।
|| পদ ||:
পদ- সত্য সনাতন নিত্য নিৰঞ্জন দেৱ।
অনাদি অনন্ত যােহি বিনে নাহি কেৱ।।
সােহি প্রভু নাম ধৰু নন্দকু নন্দন।
কৰোঁ পৰভাতে তযু চৰণ বন্দন।।
সনক সনন্দ যােগী যাহাকু ধিয়ায়।
সকল নিগমে যাকু বিচাৰি নপায়।।
চতুৰবয়ন ভৱ কৰু যাকু সেৱা।
গােপ নন্দ ভৱনে বেকত সােহি দেৱা।।
অৰুণ নয়ন নখ অৰুণ বৰণ।
অৰুণ অধৰ চাৰু অৰুণ চৰণ।।
নীলমণি নিভ তনু এ জগজীৱন।
কহয় মাধৱ গতি নন্দকু নন্দন।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2150 reads