যাদু ভাল নাচতু (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

|| ঘোষা ||: 

ৰাগ ।।নাট

ধ্রুং - যাদু ভাল নাচতু, নন্দনন্দন গােবিন্দ নাচতু

ব্রজনায়ক নাগৰ নাচতু পৰমানন্দ ৰসে ৰে।

সুৰাসুৰে যাৰ চৰণপংকজ ৰেণু শিৰে পৰশে ৰে।।

|| পদ ||: 

পদ- লাৱণ্য সুন্দৰ কটি ধৰিয়া এ বাম হাতে ৰে।

দক্ষিণ কোমল কৰ থাপিয়া এ প্রভু মাথে ৰে।।

কঢ়িত কিংকিণী বাজে নূপুৰ-ৰৱ পাৱে ৰে।

ঈষত কটাক্ষ হাসি সুন্দৰ ভ্ৰুৱ চলাৱে ৰে।।।

নাটেৰ মাধুৰী গােপী-মােহন মদন ফান্দে ৰে।

যশােমতী-নন্দ-চকোৰ শ্যামল সুন্দৰ চান্দে ৰে।।

চৌভিতি গােপিনী বেঢ়ি হাতে তালি বজাৱে ৰে।

কহয় মাধৱ হৰি ভুৱন-মন ভলাৱে ৰে।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত