ৰাগ । আশােৱাৰী
ধ্ৰুং- আজু সুপৰভাতে পেখলোঁ মাই।
নয়নকু আনন্দ কুসুম কানাই।।
পদ- নৱ ঘনশ্যাম পীতাম্বৰ জ্যোতি।
কৌস্তুভ কণ্ঠে হাৰ গজমতি।।
শাৰদ চান্দ কৌটি বয়ন বিকাশে।
মদন চাপ জিনি ভ্ৰূৱ পৰকাশে।।
চান্দ জ্যোতি জিনি তিলক কপােলে।
কুণ্ডল জলমল অলকা বিলােলে।।
উতপল ৰাতা নয়ন যুগ শােহে।
ঈষত হাসি ৰসে জগজন মােহে।।
সুৱলিত চান্দ ময়ূৰপূচ্ছ শিৰে ৷
গঞ্জয় গজৰাজ গমন গম্ভীৰে।।।
ৰতন মঞ্জীৰ দোহো ঝুৰয় পাৱে।
নন্দনন্দন গতি মাধৱ গাৱে।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 4258 reads