You are here

গােধন সংগে ধায়, ৰংগে পঞ্চম গায় (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)

ৰাগ - শ্রী

ধ্ৰুং- গােধন সংগে ধায়, ৰংগে পঞ্চমে গায়

             ঝনকে মঞ্জীৰ পাই

লহু লহু বেণু বায়, ব্রজকুল কমল মধাই ৰে ।।

পদ- তনু নৱ জলধৰ         পীত অম্বৰ বৰ

             মনােহৰ অধৰ সুহাই ।

পীত ধটি কটি মাজে        ঝনকে কিংকিণী বাজে

            ৰাজীৱ লােচন কানাই ৷।

এ নদী যমুনাকূলে             খেলাৱে কদম্বমূলে

           মনমথ মােহন মূৰাৰু ৰে ৷

কহয় মাধৱ হৰি                 লীলা নৰতনু ধৰি

         ভকতি নিদান অৱতাৰু ৰে ।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত