ৰাগ II বসন্ত
ধ্ৰুং- কৰু হৰি বিৰিন্দা বিপিন বিহাৰা ।
সকল সুৰাসুৰ মুনিগণ চাৰণ
চৰণ ধিয়াৱত যাৰা ।।
পদ- আভীৰ বালক মিলে গােসাঁই খেলনা খেলে
কালিন্দী পুলিন নিকুঞ্জে ।
শ্যামল সুন্দৰ তনু ৰঞ্জিত কৰে ৰেণু
কর্ণ বিভুষিত গুঞ্জে ।।
কুন্দ কুমুদ কেলি কদম্ব কুসুম লতি
মালতী মালী তমালে ।
কৰু অংগ ভূষিত চুম্বিত মধুকৰ
সুন্দৰ মদন গােপালে ।।
গােধুৰি ধূসৰ গাৱে কঞ্জনয়নে চাৱে
চান্দ বয়নে বেণু বাৱে ।।
উৰে হীৰ হেমহাৰ ৰঞ্জিত বনমাল
লহু লহু পঞ্চমে গাৱে ।।
মৃদু পদে মঞ্জীৰ ঝুৰয় গম্ভীৰ
ধীৰ গমন গতি ধাএ ।
গােপী কুচ কুংকুম ৰঞ্জিত পদযুগ
ৰাজীৱ অধিক সুহাএ ।।
সকল কলাৰস নাগৰ সাগৰ
সুৰশেখৰ যদুৰায় ।
তাকু পদপংকজ মধুকৰ মতিহীন
দীন মাধৱ গুণ গায় ।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2230 reads