|| ঘোষা ||:
ৰাগ ।। সুহাই
ধ্রুং - হৰি মোৰ হৰি মোৰ এ দীনদয়াল।
কে জানিতে পাৰয় তোমাৰ ঠাকুৰাল ।।
|| পদ ||:
পদ- নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা।
সোহি জন্মে জীৱৰ জনম দূৰ কৰা।।
সহজে অৰ্কতা কৰ্ম কৰা অপৰ্যন্ত |
সোহি কৰ্মে জীৱৰ কৰম কৰা অন্ত।।
তুমি প্ৰভু নিৰ্গুণ গুণেৰ সীমা নাই |
নিৰ্গুণ হোৱয় জীৱ সোহি গুণ গাই।।
কহয় মাধৱ মেৰি ওহি আশা মনে।
সহজ পীৰিত মাগোঁ তোমাৰ চৰণে ।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 4132 reads