ৰাগ- বসন্ত
ধ্ৰুং- কৈছে নৰহৰি তৰণ উপায় ।
নাশ সকল কইলাে বিষয় লুভাই ।।
পদ - অথিৰ জীৱন ধন যৌৱন দেহ ।
সুহৃদ সােদৰ সুত কিছু নােহে কেহ ।।
পেখিতে অমিয়া ৰস বিষ পৰিণাম ।
তথিএ মজাইলাে মন মেৰি ৰাম ।।
নিৰমিল বিষবিম্বু কামিনী লােহে ।
তাসু পৰল মেৰি এ মন মােহে ।
তাকৰ ছােড়াইতে সখ নাহি থিক ।
গৰুৱা মনােৰথ বাঢ়ল ধিক ।।
জনমে জনমে হামু দাসকু দাস ।।
কেশৱ সবহু ছােড়হ মােহ-পাশ ।
শমনক লাই জীৱ বৰ ডােৰ ।
শংকৰ কহ হৰি সেৱক তােৰ ।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2055 reads