|| ঘোষা ||:
ৰাগ ।। ধনশ্রী
ধ্রুং - মাই মাধৱ বিৰহে।
হৰয়ে চেতন তনু জীৱন নাৰহে।।
পদ- চান্দ চন্দন মুন্দ মলয় সমীৰে।
কেশৱ বিনে বিষ বৰিষে শৰীৰে।।
ঘনে ঘনে হানয় মদন পঞ্চবাণ।
কোকিল কুহু কুহু লেহু মেৰি প্রাণ।।
পংকজ পাত অহিত হিমবাৰি।
মধুকৰ নিকৰ কৰয় মহামাৰী।।
ঐছন সময়ে মধুপুৰী পিউ প্রাণ।
কৃষ্ণকিংকৰ ৰস শংকৰ ভাণ।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1878 reads