ৰাগ - বসন্ত
ধ্ৰুং- গােপীনাথ, জগজীৱন স্বামী ৰাম, সেৱহোঁ তােই৷
হৰি কৰহু কৰুণা নাথ মােই।।
পদ- কলিযুগে নৰতনু ভাৰতত পায়া পুনু
তুৱা গুণ নাম নাহি লিয়ো।
পৰম অমিয়া ৰস তেজি তুৱা নাম যশ
বিষয় গৰল হামু পিয়ো।।
দুৰ্জন মনৰ সংগে পাপচয় কৈলো ৰংগে
নকৰিলাে তােমাৰ ভকতি।
লােভ মােহ কাম ক্রোধ মদ মান ৰিপু সংগে
মজিলো সংসাৰে মূঢ়মতি।।
পতিতপাৱন প্ৰভু তুৱা পদ-পঙ্কজ
তাহে শৰণ লেহু জানি।
তুৱা জন সংগে নাম ৰহু মুহে অবিৰাম
কহয় মাধৱ পৰমাণি।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1937 reads