|| ঘোষা ||:
ৰাগ ।। ভাটিয়ালী
ধ্রুং - মােৰে পতিতপাৱন প্রভু হৰি
হেৰাে ৰে বাপ কিনা গতি ভৈল হামাৰে।
দুর্লভ মনুষ্যতনু ভাৰতে লভিয়া পুনু,
নাম লৈতে নপাৰোঁ তােমাৰে।।
|| পদ ||:
পদ- স্থাৱৰ জংগম যত কীট পশু পতংগত
জনমিলাে কত নাহি সীমা।
চতুৰাশী নৰকত পাইলোঁ দুখ নানা মত
নজানিয়া তােমাৰ মহিমা।।
জানাে ভৈল তুৱা দায়া তাতসে মানৱী কায়া
পাইলোঁ তাৰে বিড়ম্বিল বিধি।
কিনাে মই বুদ্ধি নাশা বিষয় কাচেৰ আশা
হাততে হৰাইলোঁ নৱনিধি।।
কিনাে ভৈল বিয়ামােহ আচৰিলোঁ তুৱা দ্রোহ
ইসে মােৰে পাইলে বৰ দুখে।
তুৱা ভকতৰ পদৰেণু সেৱা নকৰিলোঁ
তুৱা নাম নলৈলােহে মুখে।।
বয়স গােৱাইলোঁ হেলে তুৱা ভকতৰ মেলে
তুৱা কথা নুশুনিলাে কাণে।।
ওহি অপৰাধে ধৰি নিয়া মােৰে যমৰাই
বৰ ৰাগে মাৰিবে পৰাণে।।
গুণিতে গুণিতে চিত্ত কৰিতে নপাৰোঁ থিত
কিনাে গতি হৈবেক মৰণে।
তুৱা ভকতৰ বাণী শুনি মনে অনুমানি
তুৱা পদে পশিলাে শৰণে।।
কৰা কৃপা কৃপাময় সদায়ে যিমতে ৰয়
তুৱা নাম সন্তৰ সংগতি।
নকৰিয়াে মােৰে নাশ ভৈলােহোঁ দাসৰাে দাস
কহয় মাধৱ মূঢ়মতি।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত