|| ঘোষা ||:
ৰাগ ।। ধনী
ধ্রুং - বােলহু ৰাম নামেসে মুকুতি নিদানা।
ভৱ বৈতৰণী-তৰণী সুখ সৰণী
নাহি নাহি নাম সমানা।।
|| পদ ||:
পদ- নাম পঞ্চানন নাদে পলাৱত
পাপদন্তী ভয়ভীত।
বুলিতে এক শুনিতে শত নিতৰে
নাম ধৰম বিপৰীত৷৷
বচনে বুলি ৰাম ধৰম অৰথ কাম
মুকুতি সুখ সুখে পায়।
সবকহু পৰম সুহৃদ হৰিনাম
ছুটে অন্তকেৰি দায়।।
নাৰদ শুকমুনি ৰাম নাম বিনি
নাহি কহল গতি আৰ।।
কৃষ্ণকিংকৰ কয় ছােড়হু মায়াময়
ৰাম পৰমতত্ত্ব সাৰ।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2087 reads