যাদব লীলা তােহাৰি (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)

|| ঘোষা ||: 

ৰাগ ।। শ্রী

ধ্রুং - যাদৱ লীলা তােহাৰি।

নিজ সুখ তেজি ভৈলা কেনে বিপিনবিহাৰী।।

|| পদ ||: 

পদ- গৰুড়ৰ স্কন্ধে যােহি চৰণ বিৰাজে।

সােহি পদে ফুৰা কেনে বিজুবন মাজে।।

প্রবন্ধে চিন্তিয়া নপাৱয় যােগী যত।

সােহি পদ শােহে পুতনাৰ হৃদয়ত।।

লক্ষ্মীদেৱী সেৱে যাক সুকোমল হাতে।

সােহি পদ বিৰাজত কালি সৰ্প মাথে।।

কোটি কোটি ব্রহ্মা হৰ যাহাৰ দুৱাৰে।

সােহি মহেশ্বৰ কেনে বনে ধেনু চাৰে।।

সকল নিগমগণে যাক নজানয়।।

গােৱাৰী যশােৱা কেনে তাহাংক বান্ধয়।।

বিপৰীত লীলা তেৰি জানন নযায়।

কহয় মাধৱ হৰি গতি তুৱা পাই।।

পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত