ৰাগ ।। গৌড়ী ধ্রুং:- ভালি নাচে ভাল মদনগােপালা। বজাৱে মােহন বেণু গলে বনমালা।। পদ:- অৰুণ চৰণ দুহোঁ থমকে চলাৱে। ঈষত ঈষত হাসি পঞ্চমে গাৱে।। শ্যামল সুন্দৰ চান্দবয়ন বিকাশ। কহয় মাধৱ দীন হৰিপদ দাস।। পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত ‹ ভাল কলীয়া কানু খেলান খেলায় (মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত) up মােহন বাৱত মূৰাৰী ৰে কানু (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত) › 4030 reads